কৰাল লগা উলংগ শব্দবোৰত ঠিকনা সলনি হয় মোৰ প্ৰতিটো দিনৰ অন্তত দুখৰ চিগাৰেট জ্বলাই ৰৈ থকা বিৰক্তিকৰ শেষ নিশাত; পিঞ্জৰাবদ্ধ আবেগৰ তাচপাতবোৰ খোলোপা-খোলোপে খহি পৰে আৰু সৃষ্টি কৰি যায় এক বিশাল শূণ্যতাৰ। পোহৰ হওঁক বুলি জ্বলাই লওঁ আশাৰ ধাতুৰে গঢ়ি লোৱা পুৰণি মমবাটিডাল; সিওঁ জ্বলি শেষ হয়, আৰু নমাই আনে এক অচিনা অন্ধকাৰ। কিন্তু কথাবোৰতোContinue reading “দুখৰ দিনৰ কবিতা”
Category Archives: কবিতা
মহাপাপীৰ সপোনবোৰ
আস ! সপোন ! তই আকৌ মেলিছ গজালি নন্দন বনৰ ফুলনি উভালি বিশ্ব-ব্ৰহ্মাণ্ডৰ কেন্দ্ৰটো আনি দিছ মোৰ কাষলৈ চুমিবলৈ দিছ কোমল ৰ’দালি । মোৰ ট্ৰেজেডীৰ ট্ৰেইনৰ পৰা নমাই কিয় খেদি দিছ মোক ? তোৰ শুকান দেশৰ বিষ্ঠাৰে ভৰা পখবোৰত কেনেকৈনো দোপ দি দি আগুৱাম ? কেনেকৈনো পামগৈ তাইৰ কাষ আঁঠু কাঢ়ি, অৱনমিত কৰি মস্তক তাইকContinue reading “মহাপাপীৰ সপোনবোৰ”
শৰতৰ বতৰা
পুৱাৰ আলপৈচানত এজাক মৃদু বতাহে বুকু কঁপালে বহু দূৰত হিমাৰ্ত সমীৰণ । বিষাদ নমাই নাই নহয়, শীতেও কামোৰ মাৰিব পৰা নাই বুকুত । বৰ্ষাজাকে যাবলৈ ওলাইছে মাকৰ ঘৰলৈ বুলি তাইৰ কেইবামহীয়া ছুটীৰ আবেদন দাখিল কৰি, সেউজীয়া ধাননিৰে উপচি পৰিল দুবৰিত টোপ টোপ নিয়ৰৰ ফুল ফুলিল । বুকুত শৰতৰ মন্ত্ৰৰ গুণগুণনি উঠিল আহা শৰত আহা, তোমাকContinue reading “শৰতৰ বতৰা”
সেউজীয়া
কেতিয়াবা অনুভৱ হয় যে সেউজীয়াবোৰ ধৰ্ষিতা হৈছে হালধীয়াবোৰৰ ওচৰত বাৰাম্বাৰ, তেতিয়া তুমি পুনৰ আহিবা মোৰ ওচৰলৈ সেউজীয়া বিচাৰি সেই বাটেৰে যি বাটেৰে সদায় উভতি আহে আমাৰ ঘৰলৈ সন্ধিয়াবোৰ গৰখীয়া বাঁহীৰ অমিয়া সুৰ এটা বোকোচাত লৈ আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ!!
প্ৰতিধ্বনি হৃদয়ৰ
আজি বহুদিনৰ নীৰৱতাৰ অন্তত ওলাই আহিছো মোৰ সমাধিস্থ সপোনৰ অৱশিষ্ট বিচাৰি শূণ্য আকাশৰ তললৈ, ৰৈ থাকিলো দুহাত মেলি মুষলধাৰ বৰষুণজাকত, তুমি আকৌ আহিবা, সাবটি ল’বা মোক আৰু বৰষুণজাক কেনিবা গুচি যাব! সপোনত প্ৰায়েই দেখিছিলো নীলাফুলৰ বুকুত মই শুই পৰিছিলো চুৰিদাৰৰ দোপাট্টাখন সামৰি সুতৰি ল’ব শিকোতেই বহুদিন পাৰ হ’ল- এতিয়া নীলাফুল বিচাৰি হাবাথুৰি খাওঁ ক’তোৱেইচোন বিচাৰিContinue reading “প্ৰতিধ্বনি হৃদয়ৰ”
ৰং নাম্বাৰ
হেল্ল’, হেল্ল’, হেল্ল’ অ’ ময়েই কৈ আছো আপুনি একো কোৱা নাই যে ৰং নাম্বাৰ ? জীৱনটো ৰং নাম্বাৰ ডায়েল কৰোতেই গ’ল মোলৈওতো কল আহে আহে ‘মিচকল’, আচলতে কি জানে সেইবোৰ ‘মিচকল’ নাছিল, মাথোঁ মোৰহে ৰিচিভ কৰা সময় নহ’ল মইযে তেতিয়া সপোনত মগ্ন …..হেল্ল’, হেল্ল’ প্লিজ লাইনটো নাকাটিব জানো এইটোও এটা ৰং নাম্বাৰ নিশ্চিত নাম্বাৰবোৰ ডায়েলContinue reading “ৰং নাম্বাৰ”
দূৰণিৰ ঘন্টাধ্বনি
নৈখনতো তৰাং নাছিল কাহানিও ডুব গৈছিল তাইৰ লাস্যময়ীতাত আবেলিৰ বেলিটিও হৈ পৰিছিল ৰঙা এজোপা মেপোল গছ যেন এখন ৰঙা মেপোলৰ অৰণ্য ! ওৰেতো ৰাতি তাইৰ বুকুতে মুখ গুজি শুই আছিল সি, তৰাবোৰৰ ফিচিঙা-ফিচিঙি ধেনুভিৰীয়া হৈ জোনজনীয়েও যেন জুমি জুমি চাইছিল “কি কৰিছনো তহঁতে” ? ৰান্ধনী নৈৰ চিলমিল টোপনি ভাঙি গুচি গৈছিল পুৱাৰ বেলি…. এতিয়া পাতবোৰContinue reading “দূৰণিৰ ঘন্টাধ্বনি”