কোনোৱে হেনো কৈছিল, “আজিৰ যুগত কোনে কাৰ বাবে হাঁহে, কোনে কাৰ বাবে কান্দে, কোনে কাৰ বাবে ৰৈ থাকে !”
আজি মই কওঁ, ‘”হৃদয়খন থকালৈ তহঁতেই থাকিবি মোৰ হৃদয়ত
উশাহবোৰ থকালৈ তহঁতেই আহি জিৰাবি মোৰ উশাহত
ৰাখি থম তোৰ, মোৰ, আমাৰ জিলমিল সোণালী দিনৰ নজহা-নপমা স্মৃতিকথাবোৰ
আমৃত্যু-আজীৱন !”❤
জীৱনৰ আটাইতকৈ মৰমিয়াল তথা আন্তৰিকতাৰ মূহুৰ্তখিনি কটালো তোমাৰ বুকুত। প্ৰত্যেকজন আহিছিলো এজনে আনজনৰ অচিনাকি হৈ, কিন্তু এৰাএৰি হ’লো এটা পৰিয়ালহৈ।
আজন্ম হেঁপাহ আৰু আশা লৈ খোজ দিছিলো প্ৰথমবাৰ তোমাৰ কেম্পাছত ১৯ জুন,২০১৭ৰ দিনা। সেয়াই আৰম্ভণি। তাৰ পিছত প্ৰতিটো দিনতে তুমি দিলা প্ৰেৰণা আৰু নতুন অভিজ্ঞতা।
গেটৱে, তোমাক ভাল পাই গ’লো। ভাল পাই গ’লো তোমাৰ প্ৰতিটো ৰুম আৰু প্ৰতিখন ডেক্স-বেঞ্চক। ভাল পাই গ’লো প্ৰতিজন ব্যক্তিবিশেষৰে মুখৰ উজ্বল হাঁহিটো।
এদিন হয়তো আমি প্ৰতিজনেই সিঁচৰিত হৈ পৰিম পৃথিৱীৰ বিভিন্ন স্থানাংকত। কোনোবাদিনা ব্যস্ততাৰ মাজত হয়তো কলেজৰ ফটোবোৰত চকু ফুৰালে মনত খোল খাব সোণালী দিনকেইটাৰ স্মৃতিৰ জাপ। তাৰ সুবাসতে আকৌ জীপাল হৈ উঠিম আমি। তেতিয়া হয়তো ক’ব নোৱাৰাকৈয়ে মুখৰ পৰা ওলাই আহিব-
“গেটৱে, তুমি আছিলা ভালপোৱা আৰু তঁহত আছিলি ভালপোৱাৰ বাটত শ্ৰেষ্ঠতম সংগী।”




