(গুৱাহাটী মহানগৰীত ভালপোৱাৰ এক কাল্পনিক অনুভৱ) স্বপ্ন ? ক’ত ? দুচকুত মৰম লৈ ওচৰ চাপিম তোমাৰ….. সময় কটাম দীঘলীপুখুৰী পাৰৰ সেউজ আবেষ্টনীত । সন্ধিয়াৰ ব্যস্ত মহানগৰীৰ এটা চুকত যেন দুটি উৰণীয়া মন ! প্ৰেম বলীয়া চঞ্চলা বতাহজাকেও কোলাহলৰ ওৰণি ঠেলি গুণগুণাব ফাগুণী মায়াৰ গান আৰু কৈ যাবহি প্ৰেমৰ বহুতো গুপুত কথা । তোমাৰ লাহি হাতৰContinue reading “কল্পনাৰ উন্মাদনা”
Category Archives: অনুভৱৰ এখিলা পৃষ্ঠা
বৰষুণ
প্ৰেম-ভালপোৱা-বিশ্বাস-সততা-ব্যস্ততা-অজুহাত-প্ৰতাৰণা বৰষুণজাকক সেয়ে ভাল লাগেে। তিতি খাকোতে চকুপানীবোৰ কোনোৱে নেদেখে! যা হওঁক, বিশ্বাস থাকিলে প্ৰতাৰণা থাকিবই। প্ৰতাৰণাৰ পিছতো বিশ্বাস কৰিবলৈ নেৰিব। সাহস হেৰালে মুকলি আকাশখনৰ তললৈ ওলাই যাওঁক। বৰষুণজাকত তিতক আৰু মানি লওঁক- যি হ’ব ভালেই হ’ব!
মই
সহৃদয় আত্মীয়তাৰ পথৰ দাঁতিত ৰৈ আপোনালৈয়ে বাট চাই থকা মানুহ মই… জানো, মানুহৰ দৰে কোনোবা মানুহ ইয়াত এতিয়াও আছে যি এই বাটেৰেই অকলে আহে-যায়। মানুহৰ দৰে এনে মানুহে ৰাতিও দুৱাৰ খুলি অচিনাকীক বাকি দিয়ে পিয়াহৰ পানী তেওঁলোকৰ ঘৰৰ মুধচলৈ এহাল চৰায়ে কুটা কঢ়িয়ায় চোতালৰ ডাঁহেচীয়া বগৰীলৈ শিশুহঁতে নিঃসংকোচে ফৰ্মুটিয়ায় ! তেওঁলোক জীৱনৰ প্ৰেমিক মানুহৰ উপাসকContinue reading “মই”