কৰাল লগা উলংগ শব্দবোৰত
ঠিকনা সলনি হয় মোৰ
প্ৰতিটো দিনৰ অন্তত দুখৰ চিগাৰেট জ্বলাই ৰৈ থকা বিৰক্তিকৰ শেষ নিশাত;
পিঞ্জৰাবদ্ধ আবেগৰ তাচপাতবোৰ খোলোপা-খোলোপে খহি পৰে
আৰু সৃষ্টি কৰি যায় এক বিশাল শূণ্যতাৰ।
পোহৰ হওঁক বুলি জ্বলাই লওঁ
আশাৰ ধাতুৰে গঢ়ি লোৱা পুৰণি মমবাটিডাল;
সিওঁ জ্বলি শেষ হয়,
আৰু নমাই আনে এক অচিনা অন্ধকাৰ।
কিন্তু কথাবোৰতো এনেকুৱা নাছিল
নাছিল নোপোৱাৰ বেদনা
আছিল মাথোঁ তৃপ্তিৰ তুষ্টি
সৃষ্টিৰ ৰদালিৰ পোহৰত
সুখবোৰে সিঁচিছিল জোনাক!
এতিয়া অন্ধকাৰ আলিচুকৰ লাইটপোষ্টত ভেজা দি ভাবো-
দুখৰ হাত ধৰি এদিন সুখ আহিব
সুখৰ নিচান উৰিব দুখৰ নিৰ্জন উপত্যকাত;
বতাহত বাজি উঠিব ফিনিক্স পখীৰ গান;
আৰু দুখৰ দিনৰ কবিতাক বিদায় জনাম
সুখৰ সোণালী প্ৰলেপ সানি হৃদয়ৰ উকা পাতত!!