পুৱাৰ আলপৈচানত এজাক মৃদু বতাহে বুকু কঁপালে বহু দূৰত হিমাৰ্ত সমীৰণ । বিষাদ নমাই নাই নহয়, শীতেও কামোৰ মাৰিব পৰা নাই বুকুত । বৰ্ষাজাকে যাবলৈ ওলাইছে মাকৰ ঘৰলৈ বুলি তাইৰ কেইবামহীয়া ছুটীৰ আবেদন দাখিল কৰি, সেউজীয়া ধাননিৰে উপচি পৰিল দুবৰিত টোপ টোপ নিয়ৰৰ ফুল ফুলিল । বুকুত শৰতৰ মন্ত্ৰৰ গুণগুণনি উঠিল আহা শৰত আহা, তোমাকContinue reading “শৰতৰ বতৰা”
Monthly Archives: February 2019
বৰষুণ
প্ৰেম-ভালপোৱা-বিশ্বাস-সততা-ব্যস্ততা-অজুহাত-প্ৰতাৰণা বৰষুণজাকক সেয়ে ভাল লাগেে। তিতি খাকোতে চকুপানীবোৰ কোনোৱে নেদেখে! যা হওঁক, বিশ্বাস থাকিলে প্ৰতাৰণা থাকিবই। প্ৰতাৰণাৰ পিছতো বিশ্বাস কৰিবলৈ নেৰিব। সাহস হেৰালে মুকলি আকাশখনৰ তললৈ ওলাই যাওঁক। বৰষুণজাকত তিতক আৰু মানি লওঁক- যি হ’ব ভালেই হ’ব!
সেউজীয়া
কেতিয়াবা অনুভৱ হয় যে সেউজীয়াবোৰ ধৰ্ষিতা হৈছে হালধীয়াবোৰৰ ওচৰত বাৰাম্বাৰ, তেতিয়া তুমি পুনৰ আহিবা মোৰ ওচৰলৈ সেউজীয়া বিচাৰি সেই বাটেৰে যি বাটেৰে সদায় উভতি আহে আমাৰ ঘৰলৈ সন্ধিয়াবোৰ গৰখীয়া বাঁহীৰ অমিয়া সুৰ এটা বোকোচাত লৈ আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ!!
প্ৰতিধ্বনি হৃদয়ৰ
আজি বহুদিনৰ নীৰৱতাৰ অন্তত ওলাই আহিছো মোৰ সমাধিস্থ সপোনৰ অৱশিষ্ট বিচাৰি শূণ্য আকাশৰ তললৈ, ৰৈ থাকিলো দুহাত মেলি মুষলধাৰ বৰষুণজাকত, তুমি আকৌ আহিবা, সাবটি ল’বা মোক আৰু বৰষুণজাক কেনিবা গুচি যাব! সপোনত প্ৰায়েই দেখিছিলো নীলাফুলৰ বুকুত মই শুই পৰিছিলো চুৰিদাৰৰ দোপাট্টাখন সামৰি সুতৰি ল’ব শিকোতেই বহুদিন পাৰ হ’ল- এতিয়া নীলাফুল বিচাৰি হাবাথুৰি খাওঁ ক’তোৱেইচোন বিচাৰিContinue reading “প্ৰতিধ্বনি হৃদয়ৰ”
গেটৱেৰ বাকৰিত স্মৃতিৰ দলিচা
আকৌ এবাৰ ভূমুকিয়াইছো সেই দুটা বছৰত… দুখবোৰেই জীৱনৰ চিৰলগৰী, সুখবোৰ অতিথিহে, মাজে মাজে আহে । দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব পাৰো বন্ধু হিচাপেContinue reading “গেটৱেৰ বাকৰিত স্মৃতিৰ দলিচা”
ৰং নাম্বাৰ
হেল্ল’, হেল্ল’, হেল্ল’ অ’ ময়েই কৈ আছো আপুনি একো কোৱা নাই যে ৰং নাম্বাৰ ? জীৱনটো ৰং নাম্বাৰ ডায়েল কৰোতেই গ’ল মোলৈওতো কল আহে আহে ‘মিচকল’, আচলতে কি জানে সেইবোৰ ‘মিচকল’ নাছিল, মাথোঁ মোৰহে ৰিচিভ কৰা সময় নহ’ল মইযে তেতিয়া সপোনত মগ্ন …..হেল্ল’, হেল্ল’ প্লিজ লাইনটো নাকাটিব জানো এইটোও এটা ৰং নাম্বাৰ নিশ্চিত নাম্বাৰবোৰ ডায়েলContinue reading “ৰং নাম্বাৰ”
আত্ম-পৰিচয়
শিক্ষাঃ- শংকৰদেৱ শিশু নিকেতন, সোণেশ্বৰ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণেশ্বৰ গেটৱে একাডেমী কণিষ্ঠ মহাবিদ্যালয়, বাইহাটা চাৰিআলি ঠিকনাঃ- সুন্দৰীশাল, কামৰূপ দূৰভাষ: ৯১০১৪৭৩০৩২/৮৪০৩৮৯৮৮১১ ই-মেইল: abinashmahanta285@gmail.com/ ridipraktim2001@gmail.com ফেচবুকৰ সৌজন্যতঃ- ৰিদীপ ৰক্তিম
মই
সহৃদয় আত্মীয়তাৰ পথৰ দাঁতিত ৰৈ আপোনালৈয়ে বাট চাই থকা মানুহ মই… জানো, মানুহৰ দৰে কোনোবা মানুহ ইয়াত এতিয়াও আছে যি এই বাটেৰেই অকলে আহে-যায়। মানুহৰ দৰে এনে মানুহে ৰাতিও দুৱাৰ খুলি অচিনাকীক বাকি দিয়ে পিয়াহৰ পানী তেওঁলোকৰ ঘৰৰ মুধচলৈ এহাল চৰায়ে কুটা কঢ়িয়ায় চোতালৰ ডাঁহেচীয়া বগৰীলৈ শিশুহঁতে নিঃসংকোচে ফৰ্মুটিয়ায় ! তেওঁলোক জীৱনৰ প্ৰেমিক মানুহৰ উপাসকContinue reading “মই”
দূৰণিৰ ঘন্টাধ্বনি
নৈখনতো তৰাং নাছিল কাহানিও ডুব গৈছিল তাইৰ লাস্যময়ীতাত আবেলিৰ বেলিটিও হৈ পৰিছিল ৰঙা এজোপা মেপোল গছ যেন এখন ৰঙা মেপোলৰ অৰণ্য ! ওৰেতো ৰাতি তাইৰ বুকুতে মুখ গুজি শুই আছিল সি, তৰাবোৰৰ ফিচিঙা-ফিচিঙি ধেনুভিৰীয়া হৈ জোনজনীয়েও যেন জুমি জুমি চাইছিল “কি কৰিছনো তহঁতে” ? ৰান্ধনী নৈৰ চিলমিল টোপনি ভাঙি গুচি গৈছিল পুৱাৰ বেলি…. এতিয়া পাতবোৰContinue reading “দূৰণিৰ ঘন্টাধ্বনি”
“গেটৱে: দুবছৰীয়া এক অনন্য যাত্ৰা”
কোনোৱে হেনো কৈছিল, “আজিৰ যুগত কোনে কাৰ বাবে হাঁহে, কোনে কাৰ বাবে কান্দে, কোনে কাৰ বাবে ৰৈ থাকে !” আজি মই কওঁ, ‘”হৃদয়খন থকালৈ তহঁতেই থাকিবি মোৰ হৃদয়ত উশাহবোৰ থকালৈ তহঁতেই আহি জিৰাবি মোৰ উশাহত ৰাখি থম তোৰ, মোৰ, আমাৰ জিলমিল সোণালী দিনৰ নজহা-নপমা স্মৃতিকথাবোৰ আমৃত্যু-আজীৱন !”❤ জীৱনৰ আটাইতকৈ মৰমিয়াল তথা আন্তৰিকতাৰ মূহুৰ্তখিনি কটালো তোমাৰContinue reading ““গেটৱে: দুবছৰীয়া এক অনন্য যাত্ৰা””