…….বৰষুণ, তাই-মই, আমি সদায় অহা-যোৱা কৰা বাছখন । বৰ গভীৰ সম্পৰ্ক আছিল নেকি বাৰু এইয়া আমাৰ মাজত ?………
মৰমৰ,
বগা ৰঙটো খুউব প্ৰিয় ছাগে তোমাৰ ! এইযে শুকুলা মেঘবোৰে বৰণ সলাই নামি আহে এজাক বৰষুণ হৈ, কি যে আচৰিত ! তোমাক লগ পোৱা সময়খিনিতো বৰষুণে উপচি পৰিছিল চৌপাশ । বৰষুণৰ প্ৰতিটো টোপালেই যেন তুমি । তুমি….তুমি এটি মিঠা অনুভূতি মোৰ বাবে । আৰু আবেলি আবেলি লগা মোৰ গধূলিবোৰ তেতিয়া হৈ পৰিছিল স্বপ্নময় হাঁহিৰ সঁফুৰা ।
শনিবাৰতো আহিলেই ছটফটাইছিল মোৰ মন । তোমাৰ মোৰ মাজত এটা দিন আৰু দুটা ৰাতিৰ দুৰত্ব । বৰ গভীৰ হব ধৰিছিল এই দুৰত্ব নজনাকৈয়ে । তোমাক লগ পালে বৰষুণজাকে বৰকৈ আমনি কৰিছিল জানা ! কিবা কব খুজিও হৈ পৰিছিলো নিমাত । একেখন বাছতে, প্ৰায় একেটা চিটতে বহিছিলো । ছেহ ! তথাপি তোমাৰ নামটোৱেই জনা নহ’ল ।
নজনাকৈ কেতিয়াবা বহু কথাই প্ৰিয় হৈ পৰে । তথাপি স্বাভিমান হৈ কেতিয়াবা থমকি ৰয় সকলো । তোমাক লগ পালেই বৰষুণ এজাক আহে । কি যে আচৰিত ! বৰষুণ, তুমি-মই, আমি সদায় অহা-যোৱা কৰা বাছখন । বৰ গভীৰ সম্পৰ্ক আছিল নেকি বাৰু এইয়া আমাৰ মাজত ? ভাববোৰে চোন একেবাৰে আউল লগাই দিছিল অ’ !
লগৰবোৰে জ্বলিছিল ছাগে তোমাৰ প্ৰতি মোৰ ভালপোৱা দেখি । তুমিও ছাগে মোৰ মনৰ কথা বুজিছিলা ! হয়তো তুমিও অনুভৱ কৰিছিলা সেই একেবোৰ কথাই । প্ৰকৃতিয়েও যেন আদৰিবলৈ সাজু আছিল এহাল প্ৰেমাস্পদক । কিন্তু……
প্ৰেমৰ প্ৰতীক দিন- ভেলেন্টাইন ডেৰ আগদিনা। ভাবিছিলো পিছদিনালৈ তোমাক মনৰ সকলো কথা কম । নামটোও জানিম তোমাৰ । কিন্তু সেইদিনাই আছিল ছাগে তোমাৰ লগত শেষবাৰৰ দেখা । সেইদিনাৰ পৰা চিনাকী বাছখনত তোমাৰ মুখখন কাহানিও নেদেখিলো । লগৰবোৰে কিবাবোৰ কৈ থাকে- “সেইদিনা বোলে তুমি যোৱা গাড়ীখনৰ……….।” এহ নহয় দেই ! এইবোৰ সব মিছা কথা । সিহঁত জ্বলিছিল যে মোৰ ভালপোৱাক লৈ । সেইবাবে এনেকে কৈ থাকে । পিছে এটা কথাহে মনত এতিয়াও ৰৈ গ’ল । তোমাৰ নামটো জনাগৈয়ে নহ’ল আজিলৈ । সেইবাবেই হয়তো আজিও বিচাৰো চিনাকী বাচখনৰ ভিৰত চিনাকী চিনাকী লগা তোমাৰ মুখখনি ।
বহুদিনৰ মুৰত আকাশখনে আজি আকৌ অভিমান কৰিছে । পুৱাৰ পৰাই এজাক বৰষুণ । বিচনাত বহি খিৰিকীৰে চাই আছো বৰষুণৰ টোপালবোৰ । সেইবাবেই ছাগে আজি বৰকৈ মনত পৰিছে তোমালে মৰম । অইননো কি নামেৰে মাতিম তোমাক ? নামটোৱেই যে নাজানো তোমাৰ………
ইতি
তোমাৰ চিৰপ্ৰেমিক
এইখন পোষ্ট কৰাগৈহে নহব ! ঠিকনাটোও যে নাজানো তোমাৰ.........