(গুৱাহাটী মহানগৰীত ভালপোৱাৰ এক কাল্পনিক অনুভৱ)
স্বপ্ন ?
ক’ত ?
দুচকুত মৰম লৈ
ওচৰ চাপিম তোমাৰ…..
সময় কটাম দীঘলীপুখুৰী পাৰৰ সেউজ আবেষ্টনীত ।
সন্ধিয়াৰ ব্যস্ত মহানগৰীৰ এটা চুকত
যেন দুটি উৰণীয়া মন !
প্ৰেম বলীয়া চঞ্চলা বতাহজাকেও কোলাহলৰ ওৰণি ঠেলি
গুণগুণাব ফাগুণী মায়াৰ গান
আৰু কৈ যাবহি
প্ৰেমৰ বহুতো গুপুত কথা ।
তোমাৰ লাহি হাতৰ পৰশ, দেহৰ ৰজনীগন্ধা সুবাস,
তোমাৰ চকুৰ নীলাখিনিয়ে যেন মোক জনাব যৌৱনৰ উন্মাদ !
উশাহে-নিশাহে, তেজে তেজে বব মাথোঁ তোমাৰেই নাম
আৰু ৰচিম মাথোঁ তোমাৰেই প্ৰাচুৰ্য্যতা !!
শুনা, কেৱল দীঘলীপুখুৰীয়েই নহয় দেই !
কেতিয়াবা নেহৰু পাৰ্ক, কোনোবাদিনা হয়তো SK
লগতে আমাৰ ভালপোৱাৰ সাক্ষী হৈ ৰব
হেম বৰুৱা ৰোড বা গোপীনাথ বৰদলৈ ৰোডৰ প্ৰতিডাল বিৰিণা !
তুমি তাৰ আঁৰে-আঁৰে মৰমৰ ডেউকাখন মেলিবা
আৰু মই অনুভৱৰ টোপোলাত গাঠিম ভিন্নৰঙী সপোনৰ কলাজ ।
ব্যস্ততাৰ অজুহাত দেখুৱাই তুমি কিন্তু আঁতৰি নাযাবা দেই…..