আস ! সপোন !
তই আকৌ মেলিছ গজালি
নন্দন বনৰ ফুলনি উভালি
বিশ্ব-ব্ৰহ্মাণ্ডৰ কেন্দ্ৰটো আনি দিছ মোৰ কাষলৈ
চুমিবলৈ দিছ কোমল ৰ’দালি ।
মোৰ ট্ৰেজেডীৰ ট্ৰেইনৰ পৰা নমাই
কিয় খেদি দিছ মোক ?
তোৰ শুকান দেশৰ বিষ্ঠাৰে ভৰা পখবোৰত
কেনেকৈনো দোপ দি দি আগুৱাম ?
কেনেকৈনো পামগৈ তাইৰ কাষ
আঁঠু কাঢ়ি, অৱনমিত কৰি মস্তক
তাইক ক’ম- তুমি মোৰ মাৰ দৰে গোন্ধাইছা !!